হাথৰসৰ ঘটনাক লৈ সঞ্জয় ৰাউতৰ মন্তব্য: ন্যায় কেৱল অভিনেত্ৰীৰ বাবেহে বিচৰা হয় নেকি?
শিৱসেনাই উত্তৰ প্ৰদেশৰ হাথৰসত ১৯ বছৰীয়া এগৰাকী যুৱতীয়ে দলবদ্ধ ধৰ্ষণৰ দৰে জঘন্য ঘটনাৰ সন্মুখীন হৈ মৃত্যুক সাৱটি লোৱাৰ পাছতেই এই বিষয়ক লৈ দেশৰ দলিত নেতা আৰু ছচিয়েল মিডিয়াৰ কিছু সদস্য কিয় মনে মনে আছে, তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতে হাথৰসৰ পীড়িতাৰ কথা উল্লেখ কৰি কয় যে আজিৰ তাৰিখত পীড়িতাৰ কাৰণে ন্যায় বিচাৰি ছচিয়েল মিডিয়াত কোনো অভিযান আৰম্ভ কৰা তেওঁ দেখা নাই।
উল্লেখ্য যে ১৪ ছেপ্টেম্বৰত উত্তৰ প্ৰদেশৰ হাথৰসত ১৯ বছৰীয়া এগৰাকী যুৱতীক চাৰি দুৰ্বৃত্তই দলবদ্ধ ধৰ্ষণ কৰাৰ ফলত ৩০ ছেপ্টেম্বৰত যুৱতী গৰাকীয়ে মৃত্যুক সাৱটি লৈছিল। আৰক্ষীয়ে ইতিমধ্যে ৪ দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিছে যদিও উত্তৰ প্ৰদেশ চৰকাৰে পৰিয়ালটোৰ ওপৰত হেঁচা প্ৰয়োগ কৰি তেওঁলোকৰ মন্তব্য সলনি কৰাৰ চেষ্টা কৰিছে।
Comments
Post a Comment