Posts

Showing posts from January, 2021

Public Media Breaking

Image
 #PublicBreaking: দেশবাসীৰ বাবে এক অতি দুখবৰ।মাত্ৰ ১৯ বছৰ বয়সতে দেশৰ হকে শ্বহীদ আন এগৰাকী ভাৰতীয় বীৰ জোৱান।ফুল কোমলীয়া বয়সতে ৰাজস্থানৰ অলবৰৰ ১৯ বছৰীয়া নিখিল দায়মা শ্বহীদ হয় ভাৰত-পাক সীমান্তৰ উড়িত।২ বছৰৰ পূৰ্বে ২০১৯ চনৰ এপ্ৰিল মাহত ৰাজপুত ৰেজিমেন্টত যোগদান কৰিছিল নিখিলে।শুক্ৰবাৰে জম্মু কাশ্মীৰৰ উড়ি ছেক্টৰত পাকিস্তানী সেনাৰ বিৰোদ্ধে যুঁজি দেশৰ হকে শ্বহীদ হয় নিখিল আজিৰ পৰা ১৫ দিন পূৰ্বে চুটিত আহি পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰি গৈছিল নিখিলে।

Public Media Wishes you to Happy Republic Day.

Image
 

ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ আগমুহূৰ্ত্ততে শুকুৰবাৰে সন্ধিয়া প্ৰায় ৭বজাত ডিগবৈত সংঘটিত হয় এক বোমা বিস্ফোৰণ৷

Image
 ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ আগমুহূৰ্ত্ততে শুকুৰবাৰে সন্ধিয়া প্ৰায় ৭বজাত ডিগবৈত সংঘটিত হয় এক  বোমা বিস্ফোৰণ৷  ডিগবৈৰ ৩নং গাড়োৱাল ৰেজিমেণ্টৰ কেম্পত আলফাই আক্ৰমণ কৰাৰ কথা স্বীকাৰ কৰে৷ শুকুৰবাৰে সন্ধিয়া কেম্পটোত বিষ্ফোৰণৰ শব্দ শুনা পোৱা যায় যদিও সেনাবাহিনী আৰু আৰক্ষীয়ে এই বিষয়ে একো সদৰি কৰা নাই৷ আলফা স্বাধীনে এই আক্ৰমণৰ ঘটনা স্বীকাৰ কৰি কেপ্তেইন দ্বীপ অসমে এক স্বীকাৰোক্তি পত্ৰ প্ৰেৰণ কৰে Public Media লৈ৷

২৩ জানুৱাৰী দিনটো নেতাজী দিৱস হিচাপে প্রতিবছৰে পালন কৰি অহা এই দিৱসটোক এতিয়াৰে পৰা পৰাক্রম দিৱস হিচাপে উদযাপন কৰিব।

Image
 #PublicBreaking ২৩ জানুৱাৰী দিনটো নেতাজী দিৱস হিচাপে প্রতিবছৰে পালন কৰি অহা এই দিৱসটোক এতিয়াৰে পৰা পৰাক্রম দিৱস হিচাপে উদযাপন কৰিব। এই কথা ঘোষণা কৰিছে কেন্দ্রীয় সাংস্কৃতিক মন্ত্রালয়ে। ভাৰত চৰকাৰে এই বৰ্ষৰ ২৩ জানুৱাৰীৰ পৰা নেতাজী সুভাষ চন্দ্র বসুৰ ১২৫সংখ্যক বার্ষিকী ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় বিভিন্ন কার্যসূচীৰে এই বর্ষটো উদযাপন কৰিব৷ কলকাতাৰ ঐতিহাসিক ভিক্টৰিয়া মেম'ৰিয়েল বিল্ডিঙত স্থায়ীভাৱে নেতাজীৰ কর্মৰাজি প্রদর্শন আৰু লাইট এণ্ড ছাউণ্ডৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷
Image
 

২১নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাইছে বিজেপিয়ে। || Public Media ||

Image
 ২১নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাইছে বিজেপিয়ে।২৩জানুৱাৰীত অসমলৈ আহিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু২৪ জানুৱাৰীত আহিব গৃহমন্ত্ৰী অমিত শ্বাহ।অমিত শ্বাহে ২৪ জানুৱাৰীত কোকৰাঝাৰ আৰু নলবাৰীৰ সভাত উপস্থিত থাকিব।ইতিমধ্যে নিৰ্বাচনী প্ৰস্তুতি কৰা হৈছে। এই পৰিকল্পনাৰ কথা ক'লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

#PublicBreaking প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী। ১১মে'ৰ পৰা আৰম্ভ পৰীক্ষা।

Image