Public Breaking|| PUBLIC MEDIA ||
বিত্তীয় লেন দেন আৰু তথ্য আদান প্রদানৰ আংশিক অসহযােগত কাণষাৰ নির্দিয়াত অসম ৰাজ্যিক প্রাথমিক শিক্ষক সম্মিলনীৰ কর্ণধাৰ সভাই পূর্ণ অসহযােগৰ কার্যসূচী গ্রহণ কৰিছে। কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত সন্মিলনীৰ প্রধান সম্পাদক বাতুল চন্দ্র গােস্বামীয়ে জনাইছে যে, ৰাজ্যিক শিক্ষক ভৱনত জীৱন চন্দ্র বৰাৰ সভাপতিত্বত অনুষ্ঠিত কর্ণধাৰ সভাই আংশিক অসহযােগৰ কার্যসূচী পূর্ণ অসহযােগলৈ ৰূপান্তৰ কৰিছে। দহ ফেব্ৰুৱাৰী পর্যন্ত আংশিক অসহযােগ অর্থাৎ বিত্তীয় লেনদেন আৰু তথ্য আদান প্রদানৰ পৰা বিৰত থাকি শৈক্ষিক সূচী চলাই নিব আৰু যদিহে দহ ফেব্ৰুৱাৰীৰ ভিতৰত প্রধান শিক্ষকৰ পদ সৃষ্টি আৰু কর্তন কৰা ৮৭০০ টকাৰ গ্রেড পে’ ঘূৰাই দিয়াৰ আদেশ প্রকাশ নহয় তেন্তে বিধান সভাৰ বাজেট অধিৱেশনৰ তিনিওদিন অর্থাৎ ১১,১২ আৰু ১৩ ফেব্ৰুৱাৰীত পূর্ণ অসহযােগ পালন কৰিব। তাৰ পিচতাে দাবী পূৰণ নহলে ২০ ফেব্রুরাৰীৰ দিনা সকলাে জিলা শিক্ষা বিষয়াৰ কার্যালয় ঘেৰাও কৰি অবস্থান ধর্মঘট পালন কৰিব।
Comments
Post a Comment