অসমত ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নৈশ সান্ধ্য আইন ঘোষণা মুখ্য সচিবৰ।
💥 অসমত ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নৈশ সান্ধ্য আইন ঘোষণা মুখ্য সচিবৰ।
💥 সন্ধিয়া ৮ বজাৰ পৰা পুৱা ৫ বজালৈ জাৰি কৰা হৈছে এই সান্ধ্য আইন।
💥 কিছু বিশেষ সেৱাৰ লগত জড়িত ব্যক্তিক দিয়া হৈছে ৰেহাই।
💥 জৰুৰী কালীন সেৱাৰ সৈতে জড়িত লোকক, চিকিৎসাকৰ্মী, এয়াৰপোৰ্ট, ৰেলৱে ষ্টেছন, বাছৰ বাবে যোৱা যাত্ৰীৰ বাবে ৰেহাই।
💥 পৰিচয় পত্ৰ লৈহে ইলেক্ট্ৰনিক আৰু প্ৰিন্ট মিডিয়াৰ সাংবাদিকে এই সময়ত চলন ফুৰণ কৰিব পাৰিব।
💥 দোকানী, দুগ্ধ, ব্যৱসায়ী, বেংক, এটিএমত নিয়োজিত কৰ্মচাৰী, খাদ্য সামগ্ৰী যোগান ধৰা ব্যক্তিক অনুমতি প্ৰদান।
💥 কোনো ব্যক্তিয়ে সান্ধ্য আইন অমান্য কৰিলে আইনগত ভাবে বিহিব শাস্তি।
💥 ১ মে’ লৈকে জাৰি কৰা হৈছে এই সান্ধ্য আইন।
Comments
Post a Comment