ভয় নকৰিব। || Public Media ||

 #ভয়__নকৰিব


আমেৰিকাত এজন অপৰাধীক ফাঁচীৰ নিৰ্দেশ দিয়া হৈছিল । কিন্তু তাৰ মাজতে কেইজনমান বিজ্ঞানীয়ে চৰকাৰলৈ আহ্বান জনাইছিল যে আমি অপৰাধীজনৰ ওপৰত গবেষণা কৰিব বিচাৰো, চৰকাৰেও অনুমোদন দিলে ।

 

কেইদিন মান পিছত অপৰাধীজনক লগ কৰি ক'লে "তোমাক ফাঁচী দিয়া নহব, তোমাক সৰ্পক দংশন কৰি মাৰা হ'ব ।" গতানুগতিকভাবে নিৰ্দিষ্ট এটা দিনত অভিযুক্ত জনৰ ওচৰত গ'ল । চকী এখনত বহুৱাই হাত, ভৰি বান্ধি মুখখন ঢাকি দিয়া হ'ল । বিজ্ঞানীয়ে এটা আলপিনেৰে তাৰ ভৰিৰ দুটা আঙুলি ফুটা কৰি দিলে । কিছু সময়ৰ পিছতে অপৰাধীজনৰ মৃত্যু হ'ল । এইটো কেনেকৈ সম্ভৱ ? বৈজ্ঞানিক সকলৰ মতে নিগেটিভ শক্তিয়ে তাৰ শৰীৰত কাম কৰিছিল । সাপে খূটিলে মৰি যাব বুলি ভাবি নিগেটিভ শক্তিয়ে তাৰ হাৰ্ট ফেইল কৰিলে । অপৰাধীজনে ইমান নিগেটিভ চিন্তা কৰিছিল যে পষ্ট মৰ্টেমত তেওঁৰ দেহত বিষৰ উপস্থিতি ধৰা পৰিছিল, তাৰমানে আমাৰ মন ইমান শক্তিশালী যে দেহৰ ভিতৰত যিকোনো পজিটিভ বা নিগেটিভ ক্ৰীয়া কৰিব পাৰে।


কাহিনীটো এইবাবে কৈছিলো,  কৰোণাক লৈ মানুহৰ মগজুত নিগেটিভ শক্তিয়ে ক্ৰিয়া কৰি আছে । এজন মানুহ যদি এই প্ৰৱণতাৰ চিকাৰ হয় তেন্তে তেওঁ জীয়াই থকাটো কঠিন । পজিটিভ চিন্তা কৰক । সংবাদমাধ্যমলৈ অনুৰোধ কাকো ভয় নুখুৱাব, ধনাত্মক বাতৰিও দিবলৈ চেষ্টা কৰক।

Comments

Popular Posts from Public Media Digital

কাইলৈ ভাৰত বন্ধ। || PUBLIC MEDIA ||

অনিৰ্দিষ্টকাললৈ পিছুৱালে HSLC, HS আৰু হাই মাদ্ৰাছাৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা।

Marathon is being held at Numaligarh organized by NRL.

Argentina football legend Diego Maradona has died at the age of 60.

অসমত লকডাউন নহয়।