Public Breaking


 Public Media: গোলাঘাট জিলাৰ নুমলীগড় ৰিফাইনেৰীৰ সমীপৰ তেলগৰমত অৱস্থিত "শংকৰদেৱ শিশু নিকেতনৰ" আচাৰ্য্য প্ৰয়াত ৰাজীৱ হাজৰিকাই এই শিক্ষানুষ্ঠানৰ লগতে সমীপৱৰ্তী অঞ্চলতে গণিত শিক্ষাৰ ভেটি সুদৃঢ় কৰিছিল। প্ৰয়াত হাজৰিকাৰ অকালমৃত্যুৱে সমগ্ৰ অঞ্চলতে এক অভাৱনীয় প্ৰভাৱ পেলালে। অনেক গুণমুগ্ধই তেখেতক শ্ৰদ্ধাৰে মনত পেলাই। তেনে পৰিপ্ৰেক্ষিততে প্ৰয়াত ৰাজীৱ হাজৰিকাৰ গুণমুগ্ধ নুমলীগড় শোধনাগাৰৰ কৰ্মচাৰীৰ এটা পৰিয়াল শ্ৰীযুত প্ৰাঞ্জলজ্যোতি দত্ত আৰু তেখেতৰ পৰিবাৰ শ্ৰীযুক্তা শৰ্মিষ্ঠা দত্তই প্ৰয়াত হাজৰিকাই শিক্ষকতা কৰা উক্ত বিদ্যালয়লৈ গৈ যোৱা ইং ২৪/৪/২০২২ তাৰিখ শনিবাৰৰ পৰা নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ গণিত বিষয়ত সৰ্ব্বোচ্চ নম্বৰ পোৱা ছাত্ৰ বা ছাত্ৰী গৰাকীক প্ৰয়াত ৰাজীৱ হাজৰিকাৰ সোঁৱৰনত প্ৰতি বছৰে ১০,০০০ (দহ হাজাৰ) কৈ টকাৰে ছাত্ৰ-ছাত্ৰী ক অনুপ্ৰাণিত কৰাৰ মানসেৰে  প্ৰথম বাৰৰ বাবে এই বঁটাৰ আৰম্ভণি কৰে। তেখেত সকলে পৰৱৰ্তী সময়চোৱাত এই বঁটা প্ৰতিবছৰে দি যোৱাৰ কথা বিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰে।

Comments

Popular Posts from Public Media Digital

কাইলৈ ভাৰত বন্ধ। || PUBLIC MEDIA ||

অনিৰ্দিষ্টকাললৈ পিছুৱালে HSLC, HS আৰু হাই মাদ্ৰাছাৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা।

Marathon is being held at Numaligarh organized by NRL.

Argentina football legend Diego Maradona has died at the age of 60.

অসমত লকডাউন নহয়।