Collection of Public Media Digital
শাস্ত্ৰমতে দেৱী দূৰ্গাৰ বাহন হৈছে-সিংহ। কিন্তু প্ৰত্যেকবাৰেই দূৰ্গা দেৱী নিজৰ বাহনত অহায সলনি- হাতী,ঘোঁৰা,নৌকা নতুবা দোলাত আহে।নিজা বাহন থাকিও এই চাৰিখন যানেই সাৰথি কিয় দশভূজাৰ!প্ৰত্যেকবাৰেই এই চাৰি বাহনৰ কোনোবা এখনৰে মৰ্ত্যলৈ আহে দেৱী।প্ৰত্যেকবাৰেই কি বাহনত আহিব-সেই কথা কেনেকৈ নিৰ্ধাৰণ কৰা হয়। দেৱীৰ মৰ্ত্যলৈ আগমন ঘৰৰ জীয়ৰী ঘৰলৈ অহাৰ দৰে কথা।ঘৰৰ জীয়ৰীক ঘৰলৈ আনিবৰ বাবে-যিদৰে গাড়ী পথিওৱা হয়,তেনেকৈ দেৱী দূৰ্গাৰ বাবেও ব্যৱস্থা কৰা হয়।মৰ্ত্যলৈ আহিবৰ বাবে-দেৱীৰ বাবে পথিওৱা হয় বাহন।সপৰিয়ালে দেৱীক আনিবলে-এই বাহন পথিওৱা হয়-মৰ্ত্যৰ পৰা।দূৰ্গা ষষ্ঠীত দেৱী বোধন কৰা হয় যদিও,প্ৰকৃততে দেৱী সপ্তমী তিথিতহে ধৰালৈ আহে।সপ্তমীৰ পৰাহে প্ৰকৃততে দেৱী আৰাধনা আৰম্ভ হয়।সেয়ে-সপ্তমীৰ অৱস্থান চাইহে-দেৱীৰ আগমন কেনেকৈ হব,সেয়া নিৰ্ধাৰণ কৰা হয়। শাস্ত্ৰত কোৱা হয়- 'ৰবি চন্দ্ৰে গজাৰূঢ়া,ঘোটকে শনি ভৌময়োঃ"। গুৰু শুক্ৰে চ দোলায়াং,নৌকায়াং,বুধবাসৰে। অৰ্থাৎ সপ্তমী সোমবাৰে বা দেওবাৰে হলে-দেৱীৰ বাহন হয়-হাতী।সপ্তমী-শনি বা মংগলবাৰে হলে-দেৱীৰ বাহন হয় ঘোঁৰা।সপ্তমী বৃহস্পতি বা শুক্ৰবাৰে হলে-দেৱীৰ বাহন হয়-দোলা বা পাল্কী।আনহাত...