Collection of Public Media Digital


শাস্ত্ৰমতে দেৱী দূৰ্গাৰ বাহন হৈছে-সিংহ। 

কিন্তু প্ৰত্যেকবাৰেই দূৰ্গা দেৱী নিজৰ বাহনত অহায সলনি- হাতী,ঘোঁৰা,নৌকা নতুবা দোলাত আহে।নিজা বাহন থাকিও এই চাৰিখন যানেই সাৰথি কিয় দশভূজাৰ!প্ৰত্যেকবাৰেই এই চাৰি বাহনৰ কোনোবা এখনৰে মৰ্ত্যলৈ আহে দেৱী।প্ৰত্যেকবাৰেই কি বাহনত আহিব-সেই কথা কেনেকৈ নিৰ্ধাৰণ কৰা হয়।



দেৱীৰ মৰ্ত্যলৈ আগমন ঘৰৰ জীয়ৰী ঘৰলৈ অহাৰ দৰে কথা।ঘৰৰ জীয়ৰীক ঘৰলৈ আনিবৰ বাবে-যিদৰে গাড়ী পথিওৱা হয়,তেনেকৈ দেৱী দূৰ্গাৰ বাবেও ব্যৱস্থা কৰা হয়।মৰ্ত্যলৈ আহিবৰ বাবে-দেৱীৰ বাবে পথিওৱা হয় বাহন।সপৰিয়ালে দেৱীক আনিবলে-এই বাহন পথিওৱা হয়-মৰ্ত্যৰ পৰা।দূৰ্গা ষষ্ঠীত দেৱী বোধন কৰা হয় যদিও,প্ৰকৃততে দেৱী সপ্তমী তিথিতহে ধৰালৈ আহে।সপ্তমীৰ পৰাহে প্ৰকৃততে দেৱী আৰাধনা আৰম্ভ হয়।সেয়ে-সপ্তমীৰ অৱস্থান চাইহে-দেৱীৰ আগমন কেনেকৈ হব,সেয়া নিৰ্ধাৰণ কৰা হয়।




শাস্ত্ৰত কোৱা হয়-'ৰবি চন্দ্ৰে গজাৰূঢ়া,ঘোটকে শনি ভৌময়োঃ"।গুৰু শুক্ৰে চ দোলায়াং,নৌকায়াং,বুধবাসৰে।
অৰ্থাৎ সপ্তমীসোমবাৰে বা দেওবাৰে হলে-দেৱীৰ বাহন হয়-হাতী।সপ্তমী-শনি বা মংগলবাৰে হলে-দেৱীৰ বাহন হয় ঘোঁৰা।সপ্তমী বৃহস্পতি বা শুক্ৰবাৰে হলে-দেৱীৰ বাহন হয়-দোলা বা পাল্কী।আনহাতে দেৱী বুধবাৰে আহিলে-দেৱীৰ বাহন হয়-নৌকা।
একেদৰে দশমীতো সাপ্তাহিক অৱস্থান চাইহে-দেৱী কিহত উভতিব,সেয়া কোৱা হয়। দশমী শনি বা সোমবাৰে হলে-দেৱীৰ বাহন হয়-হাতী।দশমী-শনি বা মংগলবাৰে হলে-দেৱীয়ে ঘোঁৰাত বিদায় লয়।দশমী-বৃহস্পতি বা শুক্ৰবাৰে হলে-দেৱীয়ে-দোলাৰে গমন কৰে।দশমী বুধবাৰে হলে-দেৱীয়ে নৌকাৰে গমন কৰে।সাধাৰণতে দেৱীৰ অহা-যোৱা এইকেইখন বাহনতে হয়।যদি কোনো বছৰত দেৱীৰ বাহন-সাল-সলনি হয়-তেন্তে সেই বছৰত মৰ্ত্যত অপায়-অমংগল হয় বুলি ভক্তসকলে বিভিন্ন সময়ত প্ৰকাশ কৰি আহিছে।
পঞ্জিকামতে-হাতী দেৱীৰ শ্ৰেষ্ঠ বাহন।দেৱীৰ আগমন আৰু গমন-হাতীত হলে মৰ্ত্যত সুখ-শান্তিয়ে বিৰাজ কৰে।পৰিশ্ৰমৰ সুফল পায় মৰ্ত্যবাসীয়ে।অতিবৃষ্টি-অনাবৃষ্টি নহয়।লগাৰ পৰিৰ্ৱতে যিমান প্ৰয়োজন হয়-সেই পৰিমাণেই বৰষুণ হয়।আনহাতে দেৱী দূৰ্গাই যদি ঘোঁৰাত বিদায় লয়-তেন্তে মৰ্ত্যত সামাজিক,ৰাজনৈতিক আৰু সামৰিক অস্থিৰতাই দেখা দিয়ে।ৰাষ্টবোৰৰ মাজত যুদ্ধ হোৱাৰ সম্ভাৱনা থাকে।সামাজিক আৰু ৰাজনৈতিক দিশত বিভিন্ন অস্থিৰতাই বিৰাজ কৰে।দেৱীৰ দোলাত আগমন আৰু দোলাতে গমন-ইও মৰ্ত্যবাসীৰ বাবে ভয়াৱহ ইংগিত বহন কৰে।মৰ্ত্যত-মহামাৰী,ভূমিকম্প ,খৰাং,যুদ্ধ,অসংখ্য মানুহৰ মৃত্যু,আদি হব পাৰে।ইপিনে-নৌকাত গমনে-মনৰকামনা পূৰ্ণ কৰে।মৰ্ত্য শ্যামলা হৈ পৰে।কৃষিকাৰ্য্য ভাল হয় বুলি-শাস্ত্ৰজ্ঞসকলে দাবী কৰে।

Comments

Popular Posts from Public Media Digital

কাইলৈ ভাৰত বন্ধ। || PUBLIC MEDIA ||

অনিৰ্দিষ্টকাললৈ পিছুৱালে HSLC, HS আৰু হাই মাদ্ৰাছাৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা।

Marathon is being held at Numaligarh organized by NRL.

Argentina football legend Diego Maradona has died at the age of 60.

অসমত লকডাউন নহয়।